Share and Enjoy !

Shares

বজালীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয় পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ।

বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে আজি বজালীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (BEEO) তথা খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয় পৰিদৰ্শন কৰি শিক্ষা খণ্ডৰ বিভিন্ন দিশৰ বুজ লয়।

পৰিদৰ্শনৰ সময়ত কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰি শিক্ষাৰ মানদণ্ড, বিদ্যালয়সমূহৰ সামগ্ৰিক পৰিস্থিতি আৰু বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ণ সম্পৰ্কে আলোচনা কৰে।

এই উপলক্ষে বিধায়ক গৰাকীয়ে চৰকাৰী কৰ্মচাৰীসকলক ৰাইজৰ সৈতে অধিক সক্ৰিয় আৰু দায়িত্বশীলভাৱে কাম কৰাৰ আহ্বান জনায়।

তেওঁ কয় যে চৰকাৰী কাৰ্যালয়সমূহ জনসাধাৰণৰ সেৱাৰ বাবে প্ৰতিষ্ঠিত, সেয়েহে প্ৰতিগৰাকী কৰ্মচাৰীয়ে ৰাইজৰ সমস্যা আৰু প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দি নিষ্ঠাৰে দায়িত্ব পালন কৰা উচিত।

আলোচনাত বিধায়ক গৰাকীয়ে চৰকাৰী বিদ্যালয়সমূহৰ হেৰুৱা গৰিমা পুনৰ ঘূৰাই অনাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে।

তেওঁ লগতে উল্লেখ কৰে যে, গুণগত শিক্ষা, সুস্থ শিক্ষাৰ পৰিৱেশ আৰু শিক্ষক-অভিভাৱক ছাত্ৰৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহক পুনৰ উৎকৰ্ষতাৰ শিখৰলৈ লৈ যোৱাটো বৰ্তমান সময়ৰ অন্যতম প্ৰধান লক্ষ্য।

তেওঁ লগতে শিক্ষা বিভাগৰ বিষয়া আৰু কৰ্মচাৰী সকলক শিক্ষাৰ ক্ষেত্ৰত চলি থকা উন্নয়নমূলক কামসমূহ অধিক গতিশীলভাৱে আগবঢ়াই নিয়াৰ আহ্বান জনায়।

পৰিদৰ্শনৰ সময়ত কাৰ্যালয়ৰ বিভিন্ন নথি-পত্ৰ পৰ্যালোচনা কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় পৰামৰ্শও আগবঢ়ায় বিধায়কগৰাকীয়ে।

বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ এই পৰিদৰ্শনে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰাৰ লগতে বজালীৰ শিক্ষা খণ্ডৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *