ৰাজ্যৰ মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্ট কৰি ঘোষণা কৰে মন্ত্ৰীসকলৰ দপ্তৰসমূহ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দপ্তৰসমূহ ক্ৰমে-
মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ দপ্তৰসমূহ ক্ৰমে- সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু উন্নয়ন।
মন্ত্ৰী অশোক সিংহালৰ দপ্তৰসমূহ ক্ৰমে- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা।
মন্ত্ৰী বিমল বড়াৰ দপ্তৰসমূহ ক্ৰমে- সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান।
মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ দপ্তৰসমূহ ক্ৰমে- হস্ততাত, টেক্সটাইল, ৰেচম শিল্প, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আদি।
মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ দপ্তৰসমূহ- বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজজাত সম্পদ।
মন্ত্ৰী কৌশিক ৰায়ৰ দপ্তৰসমূহ- খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা নিগম।
মন্ত্ৰী কেশৱ মহন্তৰ দপ্তৰসমূহ- ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, বিজ্ঞান, তথ্য প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন।
মন্ত্ৰী কৃষ্ণেন্দু পালৰ দপ্তৰসমূহ ক্ৰমে- জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য ভূমি, বৰাক উপত্যকা উন্নয়ন।
মন্ত্ৰী নীলিমা দেৱীৰ দপ্তৰসমূহ- পশু পালন, মীন।
মন্ত্ৰী পীযুষ হাজৰিকাৰ দপ্তৰসমূহ- কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা
মন্ত্ৰী সুশান্ত বৰগোঁহাইৰ দপ্তৰ কেইটা হ’ল- জলসম্পদ আৰু ন্যায়িক বিভাগ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে গৃহ, ৰাজনৈতিক দপ্তৰ লোকনির্মাণ, শক্তি, জনসংযোগ দপ্তৰৰো দায়িত্ব
আন মন্ত্রীক নিদিয়া দপ্তৰো থাকিব মুখ্যমন্ত্ৰীৰ হাতত