Share and Enjoy !

Shares

গুৱাহাটীত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল।

সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল।

অসম ভ্ৰমণৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয় প্ৰতিনিধিৰ দলটো।

বিমান বন্দৰত গামোচাৰে আদৰণি প্ৰতিনিধিৰ দলটোক।

গুৱাহাটীত উপস্থিত হৈয়ে অসমক প্ৰশংসা কৰে প্ৰতিনিধি দলটোৱে। লগতে হ’বলগীয়া গুৰুত্বপূৰ্ণ আলোচনা সন্দৰ্ভত আশা প্ৰকাশ কৰে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে।

প্ৰতিনিধি দলটো বিষয়ববীয়া সকলে এক প্ৰেছ বিবৃতি উল্লেখ কৰে যে- ‘টীম ইউৰোপ’ নামেৰে সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ সৈতে ইউৰোপীয় সংঘৰ সহযোগিতাৰ সুযোগ আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে এই ভ্ৰমণ কৰিছে। লগতে এই ভ্ৰমণৰ জৰিয়তে অসমৰে বাণিজ্যিক সম্পৰ্ক গঢ়াৰ আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *