Share and Enjoy !

Shares

ডিগবৈ থানাৰ অন্তৰ্গত বগাপানী ডাঙৰীয়া ঠানৰ সমীপত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত মৃত্যু দুজনকৈ ডিগবৈৰ উদিয়মান যুৱকৰ ।

জানিব পৰা সোমবাৰে নিশা প্ৰায় ১১-২০ মান বজাত তিনিচুকীয়া দিশৰ পৰা ডিগবৈৰ বাসগৃহ অভিমুখে গৈ থকাৰ সময়তে AS22 B 1390 নম্বৰৰ এখন ৱাগনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ।ফলত থিতাতে নিহত হয় দুজন যুৱক।

নিহত যুৱক দুজন মুলিয়াবাৰী নিবাসী জোতিস্মান দত্ত আৰু ইটাভাটা অঞ্চলৰ আৰ এচ এৰিয়াৰ চাহিল হুছেইন বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *