পোহৰলৈ আহিছে মঠঘৰীয়াৰ শোকাৱহ পথ দুৰ্ঘটনাৰ ৰহস্য ।
আৰক্ষীৰ হাতত পৰিল দুৰ্ঘটনাত নিহত তিনি যুৱতীৰ প’ষ্টমৰ্টেম ৰিপ’ৰ্ট।
প’ষ্টমৰ্টেম ৰিপ’ৰ্টৰ তথ্য অনুসৰি,।পথ দুৰ্ঘটনাতে মৃত্যুক আকোৱালি লৈছিল তিনি যুৱতীয়ে।
নুনমাটি আৰক্ষীয়ে নিহত তিনি যুৱতীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক লোকৰ হাতত দিলে প’ষ্টমৰ্টেম ৰিপ’ৰ্ট।
উল্লেখ্য যে, ২৫ এপ্ৰিল পুৱতি নিশা মঠঘৰীয়াত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত হৈছিল শিৱসাগৰ সোণাৰিৰ আকাংশা শইকীয়া (২৩), গোৱালপাৰাৰ কৃষ্ণাইৰ পূজা সাহা (২৬) আৰু বঙাইগাঁৱৰ ২নং নোৱাপাৰাৰ আৰমিনা আহমেদৰ।