গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিছন ব্লু’ত ইউৰোপীয় ইউনিয়নৰে অসম চৰকাৰৰ ‘ব্লু ভেলী ক্লাষ্টাৰ’ শীর্ষক আলোচনা৷ ইউৰোপীয় ইউনিয়নৰ নেতৃত্ব লোৱা ৰাষ্ট্ৰদূত হার্ভে ডেলফিন আৰু প্রতিনিধিৰে সৈতে আজি এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷
‘ব্লু ভেলী ক্লাষ্টাৰ’ শীর্ষক আলোচনাত ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলৰ বাবে এক বিশেষ প্রদর্শনী আয়োজন কৰা হয়৷ য’ত প্ৰদৰ্শন কৰা হয় সাঁচি গছ, আগৰৰ সুগন্ধিযুক্ত চিত্ৰনলা, বিভিন্ন ধানৰ প্ৰজাতি, তেজপুৰৰ লিচু, চকলেট গছ, বিভিন্ন প্ৰজাতিৰ মৌ, বিভিন্ন রাইন, আদা-হালধিকে অসমত উৎপাদিত সামগ্রী৷
উল্লেখযোগ্য যে ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ফেডাৰেশ্যন এফ ই বি আই-ইণ্ডিয়াৰ সৈতেও এক অত্যন্ত ফলপ্ৰসূ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ।
ইফালে বৈঠকত নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শক্তিশালী হৈ উঠা ভাৰত-ইউৰোপ সহযোগিতাৰ পৰিসৰত অসমে আগবঢ়াব পৰা সম্ভাৱনা, বিনিয়োগ, বাণিজ্য আৰু কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। অসমে ভাৰত-ইউৰোপ সহযোগিতাৰ নতুন অধ্যায়ত এক সক্রিয় অংশীদাৰ হিচাপে আত্মপ্রকাশ কৰিবলৈ সাজু। সেয়েহে অসমত উদ্যোগীকৰণৰ বাবে ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি সকলক আহ্বান জনোৱা হয়৷