মঙলবাৰে আনুষ্ঠানিকভাৱে হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ।মন্ত্ৰী পীযুষ হাজৰিকাৰ
মঙলবাৰে মন্ত্ৰীগৰাকীয়ে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়িত হৈ থকা উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়।
ইয়াৰ পাছত নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে। নগাঁও জিলাত উপস্থিত হৈ অভিভাৱক মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰি এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। দুয়োখন জিলাতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA), মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানকে ধৰি কৃষি, স্বাস্থ্য, লোকনিৰ্মাণ, জলসিঞ্চন আদি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
মন্ত্ৰী হাজৰিকাই জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত চৰকাৰী আঁচনিসমূহ আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। লগতে জিলাখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্বোচ্চ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশনা প্ৰদান কৰে।