Share and Enjoy !

Shares

মন্ত্ৰীত্ব লাভৰ পাছতে প্ৰথমবাৰৰ ধুবুৰীত উপস্থিত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। চাপৰৰ বহলপুৰত মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনায় বিভিন্ন দল সংগঠনৰ লগতে শুভাকাংক্ষী ৰাইজে।

চাপৰৰ বহলপুৰত উপস্থিত হোৱাৰ পাছতে মন্ত্ৰীগৰাকীক বিভিন্ন দল সংগঠনে বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত স্মাৰক পত্ৰ প্ৰদান কৰে

ইপিনে ৰাইজ তথা বিভিন্ন দল সংগঠনে বিৰোধিতা কৰি অহা চাপৰৰ বিলাতী সুৰাৰ বিপনীখনৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমি, কৰ্ম ভূমিত ৰাইজৰ আবেগ আৰু অনুভূতিক আঘাত কৰা যিকোনো কাৰ্যকে কেতিয়াও সহ্য কৰা নহ’ব। এনে কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে ৰাইজে যিধৰণৰ বিচাৰিব তেনেধৰণে ৰাইজৰ লগত সহোযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, এই দায়িত্ব কেৱল তেওঁৰ ব্যক্তিগত নহয়,বৰঞ্চ ধুবুৰী জিলাৰ জনসাধাৰণৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ থকা মৰম আৰু উপহাৰস্বৰূপ।

Leave a Reply

Your email address will not be published. Required fields are marked *