Share and Enjoy !

Shares

শ্ৰীভূমিৰ বদৰপুৰৰ দেওৰাইল চাঞ্চল্যকৰ চুৰিকাণ্ড।

ঘৰত কোনো গৰাকী নথকাৰ সুযোগ লৈ দুৰ্বৃত্তৰ এটা দলে বাসগৃহত প্ৰৱেশ কৰি প্ৰায় ৬ লাখ টকাৰ সোণৰ আ-অলংকাৰ চুৰি কৰি লৈ যায়।

জানিব পৰা মতে, দেওৰাইল গাঁৱৰ বাসিন্দা আবুল কাছিম আৰু তেওঁৰ পত্নী প্ৰতিদিনৰ দৰে আজিও নিজ নিজ কৰ্মস্থলীলৈ ওলাই গৈছিল। দুপৰীয়াৰ সময়ত ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ চোৰৰ দলটোৱে পৰিকল্পিতভাৱে ঘৰখনত প্ৰৱেশ কৰে।

অভিযোগ অনুসৰি, ঘৰৰ আলমাৰী আৰু আন আন আচবাব-পত্ৰ তচনচ কৰি সোণৰ অলংকাৰ লুটি নিয়ে দুৰ্বৃত্তসকলে।

ইফালে, কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহি আবুল কাছিম আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ঘৰৰ অস্বাভাৱিক অৱস্থা দেখি সন্দেহ প্ৰকাশ কৰে। পিছত ভঙা তলা আৰু তচনচ হোৱা আলমাৰী পৰীক্ষা কৰি সোণৰ অলংকাৰ চুৰি হোৱা বিষয়টো নিশ্চিত হয়।

আনহাতে, ঘটনাৰ পিছতে আবুল কাছিমে বদৰপুৰ থানাত এখন লিখিত এজাহাৰ দাখিল কৰে। বদৰপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *