Share and Enjoy !

Shares

পুনৰ গুৱাহাটীত ৰহস্যজনক মৃত্যু যুৱতীৰ। গুৱাহাটী মহানগৰীৰ বেলতলাৰ ভাড়াঘৰত ৰহস্যজনক মৃত্যু সুস্মিতা বসুমতাৰী নামৰ এগৰকী যুৱতীৰ। গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল সুস্মিতা বসুমতাৰী।

বুধবাৰে পুৱা ভাড়াঘৰত যুৱতীগৰাকীৰ মৃতদেহ।উদ্ধাৰ হয়।

বুধবাৰেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে মৃতদেহটো পৰিয়ালক লোকক গতাই দিয়ে। কিন্তু সুস্মিতাৰ মৃত্যুৰ পিছতে পিতৃয়ে উত্থাপন কৰে বিস্ফোৰক অভিযোগ। সুস্মিতা বসুমতাৰীক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে।

যুৱতীগৰাকীৰ হত্যা কৰাৰ সন্দেহত সুস্মিতাৰ পিতৃয়ে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ। দাখিল কৰে

 

Leave a Reply

Your email address will not be published. Required fields are marked *