গুৱাহাটী ২২ নৱেম্বৰ ,একশ দহ বছৰ গৰকা অসমৰ অন্যতম আধ্যাত্মিক,সাংস্কৃতিক সামাজিক আৰু জাতীয় অনুষ্ঠান অসম সত্ৰ মহাসভাৰ অন্তৰ্গত সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পৰীক্ষা পৰিষদে গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া সংস্কৃতি প্ৰচাৰ , প্ৰসাৰ আৰু গৱেষণাৰ মাধ্যমেৰে বিশ্ব মুখী কৰাৰ বাবে নিৰলস আৰু অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।এই প্ৰচেষ্টাৰ অংশ হিচাপে সাত বছৰীয়া বিশাৰদ পাঠ্যক্ৰম আৰু দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সমাবৰ্তন অনুষ্ঠান অহা ২৩ নৱেম্বৰত গুৱাহাটী শ্ৰী মন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ,কলাক্ষেত্ৰত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব।অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত আৰু উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে,সেইদিনা ৰাতিপুৱা ৮ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধনীয়ে ।৯ বজাত স্মৃতি তৰ্পন কৰিব সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি ভবানন্দ গোস্বামীয়ে । পুৱা ১০ বজাত হব লগীয়া সমাবৰ্তন ৰ মূল অনুষ্ঠান মুকলি কৰিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰিবেশ কলা বিভাগৰ সঞ্চালক ডক্তৰ প্ৰাঞ্জল শইকীয়াই ।এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পদ্মভূষণ যতীন গোস্বামী আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব শিক্ষা মন্ত্ৰী ডক্তৰ ৰণোজ পেগুৱে
১১ বজাত দীক্ষান্ত ভাষণ প্ৰদান কৰিব ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্তৰ অম লেণ্ড চক্ৰৱৰ্তীয়ে ।সন্ধিয়া ৫ বজাত অনুষ্ঠিত হব লগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে ।সমাবৰ্তন ৰ সকলো অনুষ্ঠানত ৰাইজক উপস্থিত থাকিবলৈ অসম সত্ৰ মহাসভাই আহ্বান জনাইছে।