Share and Enjoy !

Shares

হাজোৰ সাতদলাত অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশক লৈ উত্তেজনা।।বৃহস্পতিবাৰে আবেলি কলিতাকুছিৰ চ’কত চুলি কটাবলৈ গৈছিল সাতদলাৰ আখতাৰ হুছেইন।।তেতিয়াৰে পৰা নিৰুদিষ্ট হৈ আছে সাতদলাৰ আইনুদ্দিন আলী আৰু জাহানাৰা বেগমৰ একমাত্ৰ পুত্ৰ সন্তান আখতাৰ হুছেইন।।

হাজো কলিতাকুছিৰ CV RAMAN PUBLIC SCHOOLৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আখতাৰৰ নিৰুদ্দেশৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।ছাত্ৰ আখতাৰ অপহৰণকাৰী তথা মানৱ সৰহবৰহকাৰীৰ কৱলত পৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

একমাত্ৰ পুত্ৰ সন্তানৰ নিৰুদ্দেশৰ পিছতে শোকত ভাগি পৰিছে পৰিয়ালৰ লোক।।ইতিমধ্যে আখতাৰৰ পৰিয়ালৰ লোকে হাজো থানাত দাখিল কৰিছে এজাহাৰ।কোনো লোকে আখতাৰৰ সন্ধান পালে 60011-86012,88223-46870 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *