আজি ২৬ জুলাই অৰ্থাৎ কাৰ্গিল বিজয় দিৱস। আজি দেশে উদযাপন কৰিছে কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটো ভাৰতীয় সেনাৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ আছে। এই দিনটোতে ভাৰতে কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল। এই বছৰ কাৰ্গিল বিজয় দিৱস ২৭সংখ্যক বৰ্ষপূৰ্তি। দেশজুৰি এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
১৯৯৯ চনৰ মে’ মাহত পাকিস্তানী সৈন্য আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিছিল এই কাৰ্গিলত। কিন্তু ভাৰতীয় সৈন্যই পাকিস্তানী সৈন্যক প্ৰতিহত কৰি নিজৰ সাহস আৰু পৰাক্ৰম দেখুৱাইছিল।শ্বহীদৰ সন্মানাৰ্থে পালন কৰা হয় ‘কাৰ্গিল বিজয় দিৱস’
‘কাৰ্গিল বিজয় দিৱস’ কাৰ্গিলত শ্বহীদ হোৱা নায়কসকলৰ সন্মানাৰ্থে পালন কৰা হয়, যিসকলে মাতৃভূমিৰ সেৱা কৰি শ্বহীদ হৈছিল। প্ৰতিবছৰে এই দিনটোত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰা হয়।১৯৯৯ৰ মে’ৰ পৰা জুলাইৰ মাজত হৈছিল কাৰ্গিল যুদ্ধ
কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত শত্ৰুক পৰাস্ত কৰি দেশৰ পৰাক্ৰম দেখুওৱা ভাৰতীয় সেনাসকলৰ অতুলনীয় শৌৰ্য আৰু আত্মত্যাগক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। সামাজিক মাধ্যমত কৰা এটা বিশেষ পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰতি অকৃত্রিম কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে, বিশ্বৰ অন্যতম কঠিন আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো অসাধাৰণ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় সেনাৰ পৰাক্ৰমে দেশক সদায় গৌৰৱান্বিত কৰি ৰাখিব।
আনহাতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে পোষ্টটোত উল্লেখ কৰিছে যে, “কাৰ্গিল বিজয় দিৱসত আমাৰ দেশবাসীয়ে ভাৰতৰ সুৰক্ষাৰ বাবে অসাধাৰণ সাহসিকতা আৰু উৎসৰ্গা প্ৰদৰ্শন কৰা বীৰ সৈনিকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। অত্যন্ত দুৰ্গম পৰিস্থিতিতো তেওঁলোকৰ শৌৰ্য-বীৰ্য সদায় ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক হৈ ৰ’ব। তেওঁলোকৰ অবিচলিত দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।”