Share and Enjoy !

Shares

আজি ২৬ জুলাই অৰ্থাৎ কাৰ্গিল বিজয় দিৱস। আজি দেশে উদযাপন কৰিছে কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটো ভাৰতীয় সেনাৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ আছে। এই দিনটোতে ভাৰতে কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল। এই বছৰ কাৰ্গিল বিজয় দিৱস ২৭সংখ্যক বৰ্ষপূৰ্তি। দেশজুৰি এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

১৯৯৯ চনৰ মে’ মাহত পাকিস্তানী সৈন্য আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিছিল এই কাৰ্গিলত। কিন্তু ভাৰতীয় সৈন্যই পাকিস্তানী সৈন্যক প্ৰতিহত কৰি নিজৰ সাহস আৰু পৰাক্ৰম দেখুৱাইছিল।শ্বহীদৰ সন্মানাৰ্থে পালন কৰা হয় ‘কাৰ্গিল বিজয় দিৱস’

‘কাৰ্গিল বিজয় দিৱস’ কাৰ্গিলত শ্বহীদ হোৱা নায়কসকলৰ সন্মানাৰ্থে পালন কৰা হয়, যিসকলে মাতৃভূমিৰ সেৱা কৰি শ্বহীদ হৈছিল। প্ৰতিবছৰে এই দিনটোত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰা হয়।১৯৯৯ৰ মে’ৰ পৰা জুলাইৰ মাজত হৈছিল কাৰ্গিল যুদ্ধ

এই দিনটোত ভাৰতীয় সেনাই পাকিস্তানে দখল কৰা চকীসমূহ পুনৰ ওভতাই লৈছিল। এই যুদ্ধ জম্মু–কাশ্মীৰৰ কাৰ্গিল জিলাত ১৯৯৯ চনৰ মে’ৰ পৰা জুলাইলৈ চলিছিল। পাকিস্তানৰ তৎকালীন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক নজনোৱাকৈ তৎকালীন পাকিস্তানী সেনা প্ৰধান জেনেৰেল পাৰভেজ মুছাৰফে কাৰ্গিলত অনুপ্ৰৱেশ কৰাইছিল। ৬০ দিন ধৰি চলা এই যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকক ‘কাৰ্গিল বিজয় দিৱস’ত স্মৰণ কৰা হয়।

কাৰ্গিল যুদ্ধৰ কাৰণ কি আছিল?
কাৰ্গিলৰ ওখ পাহাৰত পাকিস্তান সেনাই কব্জা কৰি লৈছিল। নিয়ন্ত্ৰণ ৰেখাৰ জৰিয়তে অনুপ্ৰৱেশৰ পৰিকল্পনা আছিল। ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাৰ পৰা পাকিস্তানী সেনাক খেদি পঠিয়াবলৈ এই যুদ্ধ হৈছিল।

কাৰ্গিল যুদ্ধ ভাৰতীয় সেনাৰ ভূ-প্ৰাকৃতিক প্রতিকূলতাৰ বিপৰীতে দেখুওৱা অতুলনীয় সাহসিকতাৰ উজ্জ্বল নিদৰ্শন। কেপ্টেইন বিক্ৰম বাট্ৰা (“য়ে দিল মাংগে মোৰ”), লেফটেনেণ্ট মনোজ কুমাৰ পাণ্ডে, গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ, আৰু ৰাইফলমেন সংজয় কুমাৰৰ দৰে পৰমবীৰ চক্ৰ বিজয়ী বীৰসকলৰ সৰ্বোচ্চ ত্যাগে প্ৰতিগৰাকী ভাৰতীয়ক আজিও অনুপ্রাণিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *