বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে পদত্যাগ কৰে৷ কাৰ্যকাল শেষ হোৱাৰ দুবছৰ পূৰ্বে শুকুৰবাৰে পদত্যাগ কৰে।
স্বাস্থ্যজনিত কাৰণৰ বাবেই মহম্মদ ছাহাবুদ্দিনে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি নিজেই সদৰী কৰে৷
জানিব পৰা মতে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মিত্ৰ আছিল মহম্মদ ছাহাবুদ্দিন ।
‘দ্য ডেইলী ষ্টাৰ’ কাকতৰ মতে, ৭৬ বছৰীয়া নেতাগৰাকীয়ে পদত্যাগৰ কাৰণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয়, “মই স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাত ভুগি আছো । যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছো ৷”
ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত সংবাদ সংস্থা PTI-ক কয়, ‘‘শ্বাহাবুদ্দিনৰ প্ৰতিনিধিয়ে পদত্যাগ পত্ৰ লৈ তেওঁৰ কাৰ্যালয় এৰি সংসদলৈ গৈছে । পদত্যাগ পত্ৰখন সংসদীয় অধ্যক্ষ হাফিজুদ্দিন আহমেদৰ হাতত দাখিল কৰা হ’ব, যিয়ে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱালৈকে বাংলাদেশৰ সংবিধান অনুসৰি ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব । অধ্যক্ষই পত্ৰখন নোপোৱালৈকে মই পদত্যাগ সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য দিব নোৱাৰো ’’