Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত । প্ৰতিদিনাই পোহৰলৈ আহে হাতী-মানুহৰ সংঘাতৰ বাতৰি । কেতিয়াবা যদি বন্যহস্তীৰ জাকে ভাঙিছে আপোন ঘৰখন, আন কেতিয়াবা আকৌ হাতীৰ জাকে খাই তহিলং কৰিছে খেতিডৰা

পুনৰ পৰ্বতঝোৰাৰ টিপকাই অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত উপদ্ৰৱ চলাই। টিপকাইৰ ছিলকীখাতা দ্বিতীয় খণ্ড গাঁৱত নিশা বন্যহস্তীৰ দলটোৱে প্ৰৱেশ কৰি স্থানীয় ৰহেন্দ্ৰ নাৰ্জাৰী নামৰ লোকজনৰ ঘৰত আক্ৰমণ চলায়। হাতীৰ দলটোৱে নাৰ্জাৰীৰ ৩ টাকৈ বাসগৃহ ভাঙি সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰে। অৱশ্যে পৰিয়ালৰ লোকসকলে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়।

ফালে, ঘটনাৰ খবৰ পোৱাৰ পাছতে পুৱাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয়। ভুক্তভোগী পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে অঞ্চলটোত হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগক দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *