Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এইবাৰ ধুবুৰী জিলাৰ গৌৰীপুৰত আৰক্ষীয় সফলতা। গৌৰীপুৰৰ গৈ বজাৰ এলেকাত চলোৱা এক অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে

গোপন সূত্ৰৰ পম খেদি গৌৰীপুৰ আৰক্ষীয়ে উক্ত স্থানত চলাইছিল এক অভিযান । অভিযানত আৰক্ষীয়ে দুই সৰবৰাহকাৰীৰ জিম্মাৰ পৰা ১২.১৯ গ্ৰাম সন্দেহজনক নিচাজাতীয় সামগ্ৰী জব্দ কৰে। লগতে আটক কৰা ধৃত সৰবৰাহকাৰী দুটা সাহজাহান মিঞা আৰু হানিফ তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে।

এই নিচাজাতীয় সামগ্ৰীখিনি ক’ৰ পৰা অনা হৈছিল আৰু কাৰ ওচৰলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল, সেই বিষয়ে অধিক তথ্য উদঘাটন কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে ধৃত দুই সৰবৰাহকাৰীক বৰ্তমান থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *