Share and Enjoy !

Shares

বৰপেটাৰোডৰ সমীপৱৰ্তী বিলাসীপাৰা পথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল শহুৰেকৰ।

জানিব পৰা মতে,জোঁৱাই জহৰ আলীয়ে পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰিলে শহুৰ কাছেম আলীক।

স্থানীয় ৰাইজে সদৰী কৰা অনুসৰি, আজি পুৱতি নিশা জহৰ আলীয়ে সুৰাপান কৰি শহুৰেকৰ ঘৰলৈ আহিছিল। শহুৰেকৰ ঘৰত উপস্থিত হৈ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তে কাছেম আলীয়ে বাধা প্ৰদান কৰাত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।ফলত মৃত্যু হয় শহুৰেকৰ।

ইফালে, হত্যাকাণ্ড সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিব বিচাৰে যদিও পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে হত্যাকাৰী জহৰ আলীক আটক কৰি আৰক্ষীক গটাই দিয়ে। ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ধৃত জহৰক কৰায়ত্ত কৰি আৰক্ষী থানালৈ লৈ যায়। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

পৰিয়ালৰ লগতে স্থানীয় ৰাইজে হত্যাকাৰী জহৰ আলীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *