মহানগৰীৰ মালিগাঁৱত পুনৰ চাঞ্চল্যকৰ চুৰিকাণ্ড।
৩নম্বৰ হীল টপ কলনীত সংঘটিত হৈছে এই চুৰিকাণ্ড।
ৰাজকুমাৰী নামৰ এগৰাকী মহিলাৰ বাসগৃহত চোৰে চলালে লুটপাট।
ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাইছিল চাফাই অভিযান।
দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰিছিল চোৰ।
চোৰে লুটিলে কেইবা লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ।
লগতে লুটি নিলে নগদ ডেৰ লাখ টকা।
চোৰে তহিলং কৰা বাসগৃহ দেখি হতবাক হৈ পৰে পৰিয়ালটোৰ লোকসকল।
ইফালে ভুক্তভোগীৰ খবৰৰ ভিত্তিত উপস্থিত হয় জালুকবাৰী আৰক্ষীৰ দল।
বৰ্তমান আৰক্ষীয়ে সকলো দিশ পৰীক্ষা নিৰীক্ষা কৰি অব্যাহত ৰাখিছে তদন্ত।