পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশাৰ জীয়া ছবি।
এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়ক, শিল্পীৰ পৰা সাধাৰণজনলৈ, কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰৰ পৰা ব্যৱসায়ী-সমাজকৰ্মীলৈ,
ইয়াৰ মাজতে ছত্তীশগড়ৰ ৰাজ্যপাল তথা অসমৰ সু-সন্তান ৰমেন ডেকাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে১০ লাখ টকাৰ আৰ্থিক অনুদান।
ৰাজ্যপালগৰাকীয়ে অসমৰ বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, অসমে বৰ্তমান এক অতি সংকটজনক আৰু নজিৰবিহীন প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে। বিশেষকৈ উজনি অসমৰ একাধিক জিলাত বানৰ তাণ্ডৱে জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী, খেতি-বাতি আৰু জীৱিকাৰ একমাত্র উৎস হেৰুৱাবলগীয়া হৈছে, আনহাতে লক্ষাধিক লোক এতিয়াও বিভিন্ন আশ্ৰয় শিবিৰত দিশহাৰা হৈ পানীবন্দী অৱস্থাত থাকিবলগীয়া হৈছে।
ইয়াৰ উপৰিও, এই ভয়ংকৰ বান দুৰ্যোগত প্ৰাণ হেৰুৱা সৰ্বসাধাৰণ লোকসকলৰ প্ৰতি ৰাজ্যপাল ৰমেন ডেকাই গভীৰ শোক প্ৰকাশ কৰে। তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে বানত আহত আৰু অসুস্থ হৈ পৰা সকলৰ আশু আৰোগ্য কামনা কৰে।