Share and Enjoy !

Shares

অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এক নতুন সুবিধাৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, এতিয়াৰ পৰা প্ৰয়োজন অনুসৰি হিতাধিকাৰীসকলে অৰুণোদয়ৰ ধন সুদবিহীন আগধন হিচাপে লাভ কৰিব পাৰিব।

মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, আগতীয়াকৈ লোৱা এই ধন পৰৱৰ্তী মাহসমূহত অৰুণোদয় আঁচনিৰ কিস্তিৰ পৰা লাহে লাহে কৰ্তন কৰা হ’ব। এই সুবিধাৰ বাবে হিতাধিকাৰীসকলক কোনো ধৰণৰ সুদ পৰিশোধ কৰিব নালাগিব।

তেওঁ কয় যে, বৰ্তমান অৰুণোদয় আঁচনিৰ অধীনত প্ৰদান কৰা ১,২৫০ টকাৰ সাহায্যৰ পৰিমাণ ভৱিষ্যতে ধাপে ধাপে বৃদ্ধি কৰা হ’ব। লগতে জৰুৰীকালীন প্ৰয়োজনত হিতাধিকাৰীসকলে বছৰত লাভ কৰিবলগীয়া ধনৰ বিপৰীতে ৮ হাজাৰ টকা বা ১০ হাজাৰ টকা পৰ্যন্ত আগতীয়াকৈ লাভ কৰাৰ ব্যৱস্থাও কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে, এই ব্যৱস্থা বেংকৰ সহযোগিতাৰে সম্পন্ন হ’ব। হিতাধিকাৰীয়ে পৃথকভাৱে বেংকক ঋণ পৰিশোধ কৰিব নালাগিব; চৰকাৰে অৰুণোদয়ৰ কিস্তিৰ পৰা ধন কৰ্তন কৰি বেংকলৈ পৰিশোধ কৰিব।

বন্যাৰ্তৰ সহায়ত অৰুণোদয় হিতাধিকাৰীৰ অংশগ্ৰহণ

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, এইবাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ পৰা ১৫০ টকাকৈ কৰ্তন কৰি সেই ধন শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ব্যৱহাৰ কৰা হৈছে।

তেওঁ কয়, “অৰুণোদয়ৰ সকলো হিতাধিকাৰী একেটা পৰিয়ালৰ সদস্য। আজিৰ সহায়ৰ দৰে ভৱিষ্যতেও অসমৰ যিকোনো প্ৰান্তত দুৰ্যোগ আহিলে আমি সকলোৱে একেলগে থিয় দিম।”

প্ৰতিটো সমষ্টিতে থাকিব ‘অৰুণোদয় সাৰথি’

হিতাধিকাৰীসকলৰ সমস্যা দ্ৰুত সমাধানৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিতে এজনকৈ অৰুণোদয় সাৰথি নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। অৰুণোদয় আঁচনি সম্পৰ্কীয় যিকোনো অভিযোগ বা সমস্যাৰ সমাধান এই সাৰথিৰ জৰিয়তে কৰিব পৰা যাব।

৩৭ লাখ মহিলাৰ একাউণ্টত জমা ধন

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলা আজি বেংক একাউণ্টৰ জৰিয়তে অৰুণোদয় ৩.০ আঁচনিৰ ধন লাভ কৰিব। এইবাৰ সকলো হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্ন কৰা হৈছে, যাতে প্ৰকৃত হিতাধিকাৰীয়ে কোনো ধৰণৰ জালিয়াতি নোহোৱাকৈ পোনপটীয়াকৈ ধন লাভ কৰিব পাৰে।

আজিৰ সাহায্যৰ পৰিমাণ

  • শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব ২,৫০০ টকাকৈ
  • ৰাজ্যৰ আন সকলো জিলাৰ হিতাধিকাৰীসকলে লাভ কৰিব ১,১০০ টকাকৈ

নতুন এই সুদবিহীন আগধন ব্যৱস্থাক অৰুণোদয় আঁচনিৰ এক উল্লেখযোগ্য সংযোজন হিচাপে ধৰা হৈছে, যিয়ে জৰুৰী আৰ্থিক প্ৰয়োজনত হিতাধিকাৰীসকলক তাৎক্ষণিক সহায় আগবঢ়াব বুলি চৰকাৰৰ আশা।

Leave a Reply

Your email address will not be published. Required fields are marked *