Share and Enjoy !

Shares

১৯ জুলাইত অহা ভয়ংকৰ বানত শেষ হৈ গ’ল তিনিখন জিলাৰ হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ ৷ বিশেষকৈ নাজিৰাৰ বিহুবৰ, নেপালীখুঁটি, মাজগাঁও, কমলচাপৰী অঞ্চলৰ কেইবাশ পৰিয়ালৰ ঘৰ বান উটি গল ৷ যাৰ বাবে এতিয়া হাহাকাৰক কৰিবলগীয়া হৈছে বন্যাৰ্তই ৷

অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ পাছত বানাক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ লগতে দেশৰ বিভিন্নজনে।তাৰ মাজতে লণ্ডনৰ ৰাজপথত অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে কথক নৃত্য আৰু ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

বুধবাৰে এই বিষয়টো সন্দৰ্ভত প্রতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মইতো দিল্লীৰ পৰা টকা খুজিবলৈয়ে দিগদাৰী পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে হাত পতাৰ পক্ষপাতী নহয়। লণ্ডনটো দূৰৰ কথা। কোনোবাই উপযাচি দিলে, সেয়া বেলেগ কথা। মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম। আৰু ইয়াত ৰাইজো সন্তুষ্ট। যোৱা চাৰিদিনে মই বান প্ৰভাৱিত অঞ্চলসমূহ ঘূৰি আহিছোঁ। ক’তো এটাও অভিযোগ নাই। ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেইবাবে আমি ৰাইজক উপযুক্তধৰণে সহায় কৰিম।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma) লগতে কয়, ‘‘লণ্ডনত গৈ, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কোনোবাই যদি টিভি, ফেচবুক, ইউটিউবত অসমৰ বান পৰিস্থিতি দেখি নিজে দানে কৰে, আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে। কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ।’’

 

Leave a Reply

Your email address will not be published. Required fields are marked *