Share and Enjoy !

Shares

টেট পৰীক্ষা আৰু ভেঞ্চাৰ স্কুলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

আজি দেৰগাঁৱত সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘ৰাজ্যত ভেঞ্চাৰ স্কুল আছে, কিন্তু ভেঞ্চাৰ স্কুল বহু বেছি থকাটো উচিত নহয়। কাৰণ আমাৰ চৰকাৰী শিক্ষানুষ্ঠানবোৰতে ছাত্ৰ-ছাত্ৰী নাই। লাহে লাহে এই বিষয়টোৰ পৰা আমি আঁতৰি যাব লাগে। আমি প্ৰাদেশিকীকৰণ আইন আনিছো। যিসকল যোগ্য তেওঁলোকক আমি প্ৰাদেশিকীকৰণ কৰিম, কিন্তু লাহে লাহে অসমে এইটোৰ পৰা আঁতৰি যাব লাগে।’’

আনহাতে, টেট উত্তীৰ্ণসকলক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, টেট বছৰি ১ লাখ ল’ৰাই পাছ কৰিব, ১ লাখ ল’ৰাক যদি আমি চাকৰি দিওঁ চৰকাৰখনে তলা লাগি যাব।

মুখ্যমন্ত্ৰীয়ে কয়, টেট হৈছে এটা পাছ কৰা পৰীক্ষা, ইয়াৰ পিছত নম্বৰ পাব লাগিব খালী পদৰ বাবে। মই ইমান পদ যদি সৃষ্টি কৰিব পাৰো, মই দেখোন ভগৱান হৈ যাম।

হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মনটো আছে কৰাৰ বাবে যে সকলোকে চাকৰি দিওঁ। কিন্তু সেয়াটো ভগৱানেও নোৱাৰিব, মই ক’ৰ পৰা পাৰিম, মইতো এজন সৰু মুখ্যমন্ত্ৰী।’’

Leave a Reply

Your email address will not be published. Required fields are marked *