ওদালগুৰি জিলাৰ দলংঘাটৰ ভূঞাখাটত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী চাৰিচকীয়া বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ পকী দেৱালত খুন্দা
ফলত দুজন যুৱকৰ কৰুণ মৃত্যু। মৃত্যু হোৱা যুৱক দুজন হিমাংশু চহৰীয়া আৰু আনজন মানস কাকতি বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাহনখনত থকা হিমাংশু চহৰীয়া নামৰ ব্যৱসায়ী যুৱকজনৰ থিতাতে কৰুণ মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আহত টেট শিক্ষক মানস কাকতিক সংকটজনক অৱস্থাত জৰুৰীভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
নিশাৰ আন্ধাৰত বাহনখনৰ নিয়ন্ত্ৰণহীন গতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনা সম্পৰ্কে খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। যুৱক দুজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।