Share and Enjoy !

Shares

আজি অভিৰুচি ক্ৰীড়া দিৱস। অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ উপজা দিৱস। প্ৰতিবছৰে অসমত ক্ৰীড়া জগতৰ গৌৰৱ, অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো ‘অভিৰুচি ক্ৰীড়া দিৱস’ হিচাপে।পালন কৰা হয়

উল্লেখযোগ্য যে,১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ছেপ্টেম্বৰৰ দিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি অহা হৈছে৷ অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত দৌৰ,সংস্কৃতিক অনুষ্ঠান আদিৰ উপৰি বিভিন্ন খেল-ধেমালিত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক বিশেষভাৱে সন্মান জনোৱা হয়।

১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰৰ সুন্দৰপুৰত জন্মগ্ৰহণ কৰিছিল অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই ৷ ফুটবল খেলুৱৈ ৰূপে ক্ৰীড়া জীৱন আৰম্ভ কৰি ১৯৬০ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰা অৰ্জুন বঁটা প্ৰাপকগৰাকীয়ে ১৯৬৪-৬৫ চনৰ ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাত দখল কৰিছিল স্বৰ্ণ পদক ৷ ১৯৬৬ চনত বেংককত পঞ্চম এছিয়ান গেমচত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰে বৰুৱাই ৷ ইয়াৰ পাছত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণপ্ৰাপক হিচাপে প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত হয় এইগৰাকী যশস্বী খেলুৱৈ ।

এই সফলতাৰ বাবে ১৯৬৭ চনত তেওঁ লাভ কৰে অৰ্জুন বঁটা । ১৯৭০ চনত পুনৰ এছিয়ান গেমছৰো ৪০০ মিটাৰ ৰীলেত ৰূপৰ পদক দখল কৰা দলৰ অন্যতম সদস্য আছিল ভোগেশ্বৰ বৰুৱা । অল ইণ্ডিয়া কাউন্সিল অৱ স্পৰ্টচ আৰু ৰাষ্ট্ৰীয় এথলেটিক দলৰো নিৰ্বাচক আছিল বৰুৱা । ৬ বছৰ ধৰি একেটা পদবীতে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *