Share and Enjoy !

Shares

পুনৰ ৰাজ্যত এনকাউণ্টাৰৰ ঘটনা। সোণাপুৰত আৰক্ষীৰ গুলীত নিহত দুটাকৈ গভাইত গাড়ী চোৰ। নিশা আৰক্ষীৰ অভিযানৰ সময়ত গুলীচালনাত নিহত হয় গাড়ী চোৰ দুটা। সোণাপুৰৰ মৰকদলাত পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

নিহত দুজনক ছাইদুল আলম লস্কৰ আৰু বাবু সিং বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ছাইদুল আলম লস্কৰৰ ঘৰ কাছাৰত, আনহাতে বাবু সিঙৰ ঘৰ মণিপুৰৰ ইম্ফলত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, গুৱাহাটীৰ পাণবজাৰ থানাৰ সমীপত এখন বাহন চুৰিৰ চেষ্টা কৰিছিল এটা দলে। AS-01KC-3128 নম্বৰৰ TATA AC বাহনখন চুৰি কৰিবলৈ চেষ্টা কৰাৰ সময়তে পাণবজাৰ আৰক্ষীয়ে খেদি গৈছিল চোৰ দুটাক।
পাণবজাৰৰ পৰা আমচিং, ডিগাৰু হৈ সোণাপুৰৰ দিশে পলায়নৰ চেষ্টা কৰিছিল গাড়ী চোৰৰ দলটোৱে। মৰকদলাত আৰক্ষীয়ে নাকা চেকিং চলাই থকাৰ সময়তে বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পিছতে আৰক্ষী আৰু গাড়ী চোৰৰ মাজত গুলীচালনা সংঘটিত হয়।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল আৰু কেইবাটাও ম’বাইল ফোন জব্দ কৰা বুলি জানিব পৰা গৈছে। আনহাতে, দলটোৰ আন এজন সদস্যই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ মতে, নিহত ছাইদুল আলম লস্কৰ এই গাড়ী চুৰি চক্ৰটোৰ মাষ্টাৰ মাইণ্ড আছিল বুলি সন্দেহ কৰা হৈছে।

বৰ্তমান দুয়োৰে মৃতদেহ সোণাপুৰ জিলা চিকিৎসালয়ত ৰখা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *