ৰাইজৰ দলৰ সৈতে ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
APCCৰ সভাপতি তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ।
এই সন্দৰ্ভত APCCৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এক গুৰুত্বপূৰ্ণ সাংগঠনিক চাৰ্কুলাৰ জাৰি কৰিছে।
কংগ্ৰেছৰ অভিযোগ অনুসৰি, মিত্ৰতাৰ নীতি-নিয়ম আৰু মৰ্যাদা উলংঘা কৰাৰ লগতে ৰাইজৰ দলৰ নেতৃত্বই কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভুৱা অপপ্ৰচাৰ আৰু চৰিত্ৰহননৰ ৰাজনীতিত লিপ্ত হৈ আহিছিল। কেৱল কংগ্ৰেছৰ বিৰুদ্ধেই নহয়, বিৰোধী মিত্ৰজোঁটৰ অন্যান্য অংশীদাৰ দলৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধেও ৰাইজৰ দলৰ নেতৃত্বই বিভিন্ন সময়ত ভিত্তিহীন, অনাকাংক্ষিত আৰু অসন্মানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। দলটোৰ মতে, এনে আচৰণে মিত্ৰতাৰ মৌলিক নীতি-নিয়ম আৰু মৰ্যাদাক বাৰে বাৰে আঘাত কৰিছে।