Share and Enjoy !

Shares

চুবুৰীয়া ৰাজ্য মণিপুৰত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান। কাছাৰ সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবামত অসম ৰাইফলছ, চিআৰপি আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ।

গোপন তথ্যৰ‌ ভিত্তিত জিৰিবামৰ জেটি ৰোডৰ মাখা বস্তি এলেকাত এখন ট্ৰাকত তালাচী চলাই নিৰাপত্তা বাহিনীয়ে ১০ টা ব্ৰাউন চুগাৰৰ পেকেট জব্দ কৰে। জব্দ কৰা ব্ৰাউন চুগাৰ খিনিৰ ওজন১০কেজি ৮৯১ গ্ৰাম আৰু ইয়াৰ মুল্য প্ৰায় ৮০ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত ট্ৰাকৰ চালক জনক গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত চালক জন কাছাৰ জিলাৰ জিৰিঘাট থানাৰ অন্তৰ্গত লালপানী খৈৰাবাদৰ আজাহাৰ হুছেইন বুলি সদৰী কৰিছে আৰক্ষীয়ে। তেওঁৰ পৰা নগদ ১৫০০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰা হৈছে। পিছত জব্দ কৰা ব্ৰাউন চুগাৰ আৰু ধৃত ব্যক্তি জনক জিৰিবাম থানাত গতাই দিয়া হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *