Share and Enjoy !

Shares

বিশ্বনাথ আৰক্ষীৰ সাফল্য। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ গোপন তথ্যৰ ভিত্তিত চলোৱা এক নৈশ অভিযানত জব্দ বুজন পৰিমাণৰ নকল সোণ।কুসুমতোলাৰ পৰা নকল সো জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীক।

বিশ্বনাথৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)ৰ নেতৃত্বত আৰু এছ আই (ইউ বি) প্ৰকাশ কৈৰালাসহ আৰক্ষীৰ দল এটাই বুধবাৰে নিশা প্ৰায় ১২ বাজি ১০ মিনিটত কুসুমতোলাৰ ভাৰত কুমাৰ বৰাৰ ভাড়াঘৰত এক আকস্মিক তালাচী অভিযান চলায়।এই অভিযানত ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোগ্ৰাম ওজনৰ সন্দেহযুক্ত নকল সোণৰ সামগ্ৰী জব্দ কৰা হয়। উদ্ধাৰ হোৱা সামগ্ৰীকেইটাৰ ভিতৰত এখন নাওৰ আকৃতিৰ আৰু বাকী দুটা পাত্ৰৰ আকৃতিৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইটা ৰিয়াজুল ইছলাম, জাহিৰ হক তালুকদাৰ আৰু আব্দুল জলিল বুলি জানিব পৰা গৈছে। ইপিনে ধৃত লোককেইজনে ভাড়াতীয়া হিচাপে থাকি অঞ্চলটোত দীৰ্ঘদিনৰ পৰা নকল সোণৰ অবৈধ ব্যৱসায় চলাই থকাৰ সন্দেহ কৰা হৈছে।

সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই সম্পৰ্কে অধিক তদন্ত অব্যাহত ৰাখিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *