অৱশেষত আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে বিজেপিৰ ৫ গৰাকী নিৰ্বাচিত পাৰিষদক বাদ দি বিপিএফে অকলশৰে বিটিচি বিধান পৰিষদীয় ভৱনৰ প্ৰেক্ষাগৃহত বিটিচিৰ পঞ্চম কাৰ্যবাহী পৰিষদৰ ১২ গৰাকী কাৰ্যবাহী সদস্যই ।
বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ প্ৰস্তাৱ ৰাজভৱনে অনুমোদন দিয়াৰ পিছতে আজি বিপিএফৰ ১২ গৰাকী পাৰিষদক কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰায় ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ কুমাৰ চাহুৱে।
১২ গৰাকী পাৰিষদক কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানত বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকল, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে নিজৰ লগত পি ডব্লিউ ডি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , বিত্ত, যুৱ কল্যাণ, জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা আদিকে ধৰি আন কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ নিজৰ লগত ৰখাৰ লগতে যি সমুহ বিভাগ আন সদস্যক বিতৰণ কৰা নাই সেইসমুহ দপ্তৰো নিজৰ হাতত ৰাখিছে । বিটিচিৰ উপমুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীক অকল কৃষি বিভাগ হে দিয়া হৈছে।
সেই মৰ্মে আজি আনুষ্ঠানিকভাৱে শপত লোৱা আৰু দপ্তৰ লাভ কৰা সৌভাগ্যবান বিটিচিৰ ১২ গৰাকী কাৰ্যবাহী সদস্যসকল হ’ল ক্ৰমে ৫ নং চৰাইবিল সমষ্টিৰ মৃত্যুঞ্জয় নাৰ্জাৰীক পৰিবহন, ১ নং পৰ্বতঝোৰাৰ সমষ্টিৰ মুনমুন ব্ৰহ্মক নগৰ উন্নয়ন, ৬ নং কচুগাঁও সমষ্টিৰ ৰবিৰাম নাৰ্জাৰীক শিক্ষা, ১২ নং ছালাকাটি সমষ্টিৰ দেৰহাছাৎ বসুমতাৰীক স্বাস্থ্য আৰু পৰিয়াল কল্যান, ৮ নং দোতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰীক সমাজ কল্যাণ, ১৫ নং কাজলগাঁও সমষ্টিৰ পানীৰাম ব্ৰহ্মক বন আৰু বন্যপ্ৰাণী, ১৭ নং সুভাইঝাৰ সমষ্টিৰ ধীৰাজ বৰগয়াৰীক ভূমি সংৰক্ষণ আৰু আইনী পৰিমাপ,২০ নং মথনগুৰী সমষ্টিৰ বেগম আখতাৰা আহমেদক জনস্বাস্থ্য কাৰিকৰী বিভাগ, ২৩ নং দিহিৰা সমষ্টিৰ আগুছটিয়াছ টিগ্গাক পশুপালন আৰু পশু চিকিৎসা, ২৯ নং সুকলাই -চেৰফাং সমষ্টিৰ গণেশ কছাৰীক জলসিঞ্চন, ৩১ নং খৈৰাবাৰী সমষ্টিৰ লৌমশ্ৰাও দৈমাৰীক ভূমি ৰাজহ আৰু দূৰ্যোগ প্ৰশমন আৰু ৩৭ নং ধনশ্ৰী সমষ্টিৰ ফ্ৰেছ মুছাহাৰীক জলসম্পদ বিভাগ দিয়া হৈছে।
