Share and Enjoy !

Shares

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে মানকাচৰত আৰক্ষীয়ে চলাইছে ধাৰাবাহিক অভিযান। মানকাচৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে তিনিজন সন্দেহযুক্ত ঠগ-প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে

আৰক্ষীৰ জালত পৰে ছৌকত ইছলাম, ৰহিদুল ইছলাম আৰু নুৰুল ইছলাম।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ঠগ-প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ সন্দেহত লোককেইজনক আটক কৰি সোধা-পোছা চলোৱাৰ পাচত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ ঘোষৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলায়। থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে সন্দেহযুক্ত লোককেইজনক আটক কৰি থানালৈ আনে। পৰৱৰ্তী সময়ত তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ইফালে, ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে মানকাচৰ আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *