Share and Enjoy !

Shares

দুদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীলৈ উপস্থিত হয় দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন।।গুৱাহাটীত উপস্থিত হৈ কলাক্ষেত্ৰত গীতানগৰ কলেজৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত অংশ।কৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশ লয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।

আম্বড়ণপূৰ্ণ এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকী। তৰালী শৰ্মাৰ ভক্তিমূলক গীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটিত মুখ্যমন্ত্ৰীয়ে ফুলাম গামোচা, চেলেং চাদৰ আৰু কাঁহৰ শৰাইৰেৰে সম্ভাষণ জনাই উপ ৰাষ্ট্ৰপতিগৰাকীক।

গীতানগৰ মহাবিদ্যালয়ৰ অধ্যক্ষই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানিটিত আগন্তুক সময়ত শিক্ষানুষ্ঠানখনত বাণিজ্য শাখা অন্তভূ্ক্তিকৰণৰ বাবে শিক্ষামন্ত্ৰী আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গীতানগৰ কলেজৰ এই শুভক্ষণত শিক্ষানুষ্ঠানৰ সৈতে জড়িত সকলোকে শুভকামনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *