Share and Enjoy !

Shares

তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ চিনামৰাত নৱনিৰ্মিত আধুনিক সমন্বিত জিলা আয়ুক্ত (DC) কাৰ্যালয় কমপ্লেক্সৰ উদ্বোধন কৰে। ৪৯ কোটি ৬১ লাখ ৫৭ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ৫মহলীয়া কাৰ্যালয় ভৱনটো।

লগতে চিনামৰা ৰে’লৱে উৰণসেতু মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই নতুন কাৰ্যালয় চৌহদে যোৰহাটৰ প্ৰশাসনিক কাম-কাজ অধিক দ্ৰুত আৰু ৰাইজৰ বাবে সুবিধাজনক কৰি তুলিব।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৩,৫৪,৩৭,৯৪৮.০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লুইতপৰীয়া মিচিং হাইস্কুলৰ নতুন ভৱনটোৰো শুভ উদ্বোধন কৰিব। সমগ্ৰ শিক্ষা, অসমৰ দ্বাৰা নিৰ্মাণ কৰা এই ভৱনটোত বিদ্যালয়খন
মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে।

১৯১৪ চনৰে পৰা ধৰি প্ৰায় ১১২ বছৰ ধৰি যোৰহাটৰ ঐতিহাসিক ‘ৰঙা ভৱন’ৰ পৰাই জিলা প্ৰশাসনৰ কাম-কাজ পৰিচালিত হৈ আছিল।এই ঐতিহাসিক ভৱনটোৰ পৰা চিনামৰাৰ নতুন আধুনিক ভৱনলৈ প্ৰশাসনৰ মূল কেন্দ্ৰ স্থানান্তৰিত হোৱাটো যোৰহাটৰ প্ৰশাসনিক ইতিহাসত এক নতুন অধ্যায় হিচাপে গণ্য কৰা হৈছে।

যোৰহাটত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্তসকলে অংশগ্ৰহণ কৰিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *