Share and Enjoy !

Shares

গুৱাহাটীৰ নিমিষা ঠাকুৰীয়াৰ ৰহস্যজনক মৃত্যুক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যৰ আগত কয়, ‘‘ছোৱালীগৰাকীৰ মৃত্যুত মোৰো দুখ লাগিছে। ছোৱালীগৰাকীৰ মোৰে সমষ্টিৰ ছোৱালী। ফেচবুক বা আন ঠাইত তেওঁৰ যিমান বক্তব্য আছে, ঘৰত যোৱা, ফোন কৰা, মাক-দেউতাকৰ বক্তব্য শুনি অনুসন্ধান আগবাঢ়িব। ময়ো খবৰ লৈ থাকিম। ‘‘মই ভাবো যে আমি সকলোৱে কেনেকৈ নিজক নিৰাপদে ৰাখিব লাগে সেয়া ভাৱিব লাগে। ছোৱালীগৰাকী নাবালিকাও নহয়, সাবালিকা হয়। গতিকে মই ভাবো আমি কেনেকৈ চলিব লাগে, আমাৰ যিটো সংস্কাৰ আছে, সংস্কাৰ ভিতৰত চলিলে সমাজখন ভালে থাকে।’’

লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ মই যে আমাৰ সমাজত সেইকাৰণে সদায় কয় থাকো যে মা-দেউতা, পৰিয়াল, আমাৰ যিটো পুৰণি ৰীতি-সংস্কৃতি আছে সেইবিলাক আমি বজাই ৰাখিব লাগে। তেতিয়া পৰিয়ালত গণ্ডগোল নহয়। এই ঘটনাটো আমি তদন্ত কৰিম আৰু দোষীয়ে শাস্তি পাব।’’

উল্লেখ্য যে ঘটনাৰ মূল অভিযুক্ত আছিক আলীক গড়চুক থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে। এই ঘটনাৰ ইটোৰ পিছত সিটো নতুন নতুন তথ্য পোহৰলৈ আহি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *