Share and Enjoy !

Shares

প্রতিখন পূজা কমিটীয়ে স্থানীয় থানাৰ পৰা লিখিত অনুমতি ল’বই লাগিব

APDCL ৰ পৰা অস্থায়ী বিদ্যুৎ সংযোগৰ অনুমতি ল’ব লাগিব

মণ্ডপত সাংস্কৃতিক অনুষ্ঠান কৰিলে আগতীয়াকৈ আৰক্ষীক জনাব লাগিব

কোনো ৰাজহুৱা ৰাস্তা, পদপথ, বাইলেন বন্ধ কৰিব অনুষ্ঠিত কৰিব নোৱাৰিব পূজা

প্লাষ্টিক, থার্মকল, পলিথিনেৰে মূৰ্তি বনোৱা সম্পূর্ণ নিষিদ্ধ

DJ বজোৱা সম্পূৰ্ণ নিষিদ্ধ, মাইকৰ শব্দ ৬০ ডেচিবেলৰ ওপৰত নিব নোৱাৰিব

পর্যাপ্ত লাইট আৰু খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব পূজা মণ্ডপত

CCTV ২৪ ঘণ্টা চলি থাকিব লাগিব পূজা মণ্ডপত

স্বেচ্ছাসেৱকৰ নাম-ফোন নম্বৰ থানাত জমা দিব লাগিব

মণ্ডপৰ সন্মুখত আৰক্ষী/অগ্নি নির্বাপকৰ ফোন নম্বৰৰ বেনাৰ লগাব লাগিব

পূজা মণ্ডপত No tobacco, No alcoholৰ বেনাৰ লগাব লাগিব

ইমার্জেঞ্চী exit গেটৰ ব্যৱস্থা কৰিব লাগিব পূজা মণ্ডপত

বিসৰ্জনৰ সময়ত মূৰ্তিৰ লগত প্লাষ্টিক, কাপোৰ নদীত পেলাব নোৱাৰিব

প্ৰতিটো পূজা মণ্ডপৰ ১০০ মিটাৰত গাড়ী পার্কিং নিষিদ্ধ

মণ্ডপৰ আৱৰ্জনা নিজে চাফা কৰিব লাগিব, ডাষ্টবিন ৰাখিব লাগিব

পূজা মণ্ডপত সুৰা অথবা গুটখা খোৱা নিষিদ্ধ

পূজাৰ পেণ্ডেল অনুযায়ী ভক্তক প্ৰৱেশ নিশ্চিত কৰিব লাগিব

পূজা মণ্ডপৰ সমীপত কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব

> কাৰো পৰা দাবী কৰি বৰঙণি বিচাৰিব নোৱাৰিব কোনো পূজা কমিটিয়ে

মূৰ্তি বিসৰ্জনৰ সময়ত এখন পূজা কমিটিৰ ৫ জন মানুহ হে যাব পাৰিব

পৃথক পৃথক গাড়ীত প্রতিমা অনাৰ পৰিবৰ্তে এখন গাড়ীত পৰালৈ প্ৰতিমাসমূহ আনিবলৈ আহ্বান পূজা কমিটিক

গণেশগুৰিৰ দিশৰ পৰা অহা পূজাৰ প্ৰতিমা উৰণ সেতুৰ ওপৰেৰে আহিব লাগিব

ফটাশীল আৰু বামুনিমৈদামৰ ক্ষেত্ৰতো একেই নিয়ম প্রযোজ্য হ’ব

SOP জাৰি কৰিলে কামৰূপ মেট্ৰ’ প্রশাসনে

 

Leave a Reply

Your email address will not be published. Required fields are marked *