দৰঙৰ দীঘিৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
নম্বৰ প্লেটবিহীন বলেৰ’ বাহনৰ খুন্দাত মৃত্যু এজনৰ।
মৃত ব্যক্তিজনৰ নাম কমলা বৈশ্য বুলি জানিব পৰা গৈছে ।
মঙলদৈ – দিপীলা অভিমুখী বলেৰ’ বাহনে মহতিয়াই লোকজনক ।
পাথৰিঘাট আৰক্ষী চকীত বাহনসহ আত্মসমৰ্পণ চালক ৰাজদ্বীপ কলিতাৰ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে গুৰুতৰভাৱে আহত কমলা বৈশ্যক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে।
দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া কমলা বৈশ্যই সন্ধিয়া দীঘিৰপাৰ চকলৈ গৈছিল মাংস কিনিবলৈ।