ধুবুৰীৰ লাইনপাৰ অঞ্চলত শোকাৱহ ৰে’ল দুৰ্ঘটনা। কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখে আহি থকা এখন ডেমো ৰে’লৰ খুন্দাত ৫৫ বছৰীয়া অনিল দাসৰ মৃত্যু।
কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখী যাত্ৰীবাহী ডেমো ট্ৰেইনখন লাইনপাৰ পাৰ হৈ থকা অৱস্থাত বৃদ্ধাগৰাকী ৰে’লপথত পৰে। মৃত বৃদ্ধাগৰাকী ধুবুৰীৰে স্থানীয় বাসিন্দা ৫৫ বছৰীয়া অনিল দাস বুলি চিনাক্ত কৰা হৈছে।
এই মৰ্মান্তিক দুৰ্ঘটনাৰ পাছতে সমগ্ৰ লাইনপাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ৰেলৱে সুৰক্ষা বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষী আৰু RPF-এ ঘটনাক লৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে দুৰ্ঘটনাটো কি পৰিস্থিতিত সংঘটিত হ’ল, সেই বিষয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।