বৰপেটা জিলা কাৰাগাৰৰ ভিতৰচ’ৰাত উত্তপ্ত পৰিস্থিতি। কাৰাগাৰ কৰ্তৃপক্ষ আৰু কয়দীৰ মাজত সৃষ্টি হোৱা তীব্ৰ সংঘাতৰ ফলত কাৰাগাৰ চৌহদত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ।
জানিব পৰা মতে, সহকাৰী কাৰাধ্যক্ষ কিশোৰ হালৈৰ স্বেচ্ছাচাৰী আচৰণৰ বিৰুদ্ধে কাৰাবন্দীসকলে ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদে পিছলৈ ক্ৰমান্বয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে আৰু উত্তেজিত কয়দীসকলে কিশোৰ হালৈক শাৰীৰিকভাৱে আক্ৰমণ কৰে।
সংঘাত ইমানে ভয়ংকৰ হয় যে উত্তেজিত কাৰাবন্দীৰ দলে কাৰাগাৰৰ ভিতৰৰ দ্বিতীয়খন সুৰক্ষা গেট ভাঙিবলৈ উদ্যত হয়। কাৰাগাৰৰ অভ্যন্তৰত সৃষ্টি হোৱা এনে বিশৃংখল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তব্যৰত আৰক্ষীয়ে শূন্যলৈ ৩ জাঁই গুলীচালনা কৰে।
ইফালে, এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৰপেটাৰ জিলা আয়ুক্ত নৱদীপ পাঠকৰ নেতৃত্বত আৰক্ষী আৰু প্ৰশাসনৰ দল কাৰাগাৰ চৌহদত উপস্থিত হয়। কাৰাগাৰৰ ভিতৰৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু অনাকাংক্ষিত পৰিস্থিতি ৰোধ কৰিবলৈ সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।