আয়তীৰ মংগল-উৰুলি আৰু বিয়া নামেৰে মুখৰিত চামগুৰিৰ নিজ খাটোৱালৰ পূৱ নামঘৰ প্ৰাংগণ। লোকাৰণ্য হৈ পৰিল বিবাহস্থলী। দৰা-কইনাক আশীৰ্বাদ দিবলৈ আহিল শতাধিক লোক।
হিন্দু ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হয় সমূহীয়া বিবাহ অনুষ্ঠান। ৮ যোৰা দৰা-কইনা বহিল হোমৰ গুৰিত। ৰাইজৰ আশীৰ্বাদ লৈ পাতনি মেলিলে যুগ্মজীৱনৰ।
উল্লেখ্য যে, আৰ্থিক অনাটন বা বিভিন্ন অসুবিধাৰ বাবে বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰা স্থানীয় যুৱক-যুৱতীসকলক সহায় কৰাৰ উদ্দেশ্যৰে নিজ খাটোৱালৰ ৰাইজে এই সমূহীয়া বিবাহৰ আয়োজন কৰে। এই বিবাহ অনুষ্ঠান ধৰ্মীয় আৰু সংস্কৃতিৰ ৰীতি-নীতি অনুসৰি সম্পন্ন কৰা হয়। বিবাহৰ প্ৰাকমুহূৰ্তত উৰুলি, মাংগলিক গীত-নৃত্য আৰু আয়তীসকলৰ উপস্থিতিৰে দৰা-কইনাক মাহ-হালধি সানি নৱোৱা-ধুৱাই মঙ্গলীয় পৰিৱেশ সৃষ্টি কৰা হয়।