‘‘গোটেই ষ্ট’ৰীটোৰ আমি এটা অংশহে, আগে-পিছে বহু কাহিনী আছে।’’ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কিহৰ ইংগিত দিলে অভিযুক্ত দেৱজ্যোতি হাজৰিকাই ?‘‘গোটেই ষ্ট’ৰীটোৰ আমি এটা অংশহে, আগে-পিছে বহু কাহিনী আছে।’’ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কিহৰ ইংগিত দিলে অভিযুক্ত দেৱজ্যোতি হাজৰিকাই ?

Share and Enjoy !

Shares

প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ।SIT জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিলে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ অন্যতম অভিযুক্ত অসম অসম এছʼচিয়েচনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই।।

শেষ মুহূৰ্তত জুবিনৰ লগতে সাগৰৰ পানীত সাতুৰি আছিল দেবজ্যোতিয়ে। দেৱজ্যোতি হাজৰিকাই সংবাদ মাধ্যমৰ আগত কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য।প্ৰবাসী অসমীয়াজনে।দেৱজ্যোতিয়ে সদৰী কৰা তথ্য অনুসৰি, য়টত আছিল ছিংগাপুৰৰ ১১জন প্ৰবাসী অসমীয়া। তেওঁ কয়, ‘‘আমি ১০জনেই SIT সন্মুখত উপস্থিত হৈছোঁ।’’

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছো বুলি সাংবাদিকৰ সন্মুখত উল্লেখ কৰে দেৱজ্যোতি হাজৰিকাই। ছিংগাপুৰৰ আৰক্ষীৰ তদন্ততো সহযোগিতা কৰা বুলি উল্লেখ কৰি তন্ময় ফুকনে তেওঁলোকক য়ট পাৰ্টীৰ বাবে যোগাযোগ কৰিছিল বুলি মন্তব্য কৰে।

লগতে কয় যে,। য়ট যাত্ৰাৰ কিছু ভিডিঅ’ ময়ো আবদ্ধ কৰিছিলো। দুৰ্ঘটনাত সংঘটিত হোৱাৰ সময়ত দেৱজ্যোতি পানীতে আছিল বুলি উল্লেখ কৰে।

পানীত থকাৰ পাছতো জুবিনক বচাবলৈ কিয় নগ’ল বুলি সাংবাদিকে সোধা প্ৰশ্নত প্ৰবাসী অসমীয়াজনে ক’লে যে তেওঁ তেতিয়া জৰুৰী ফোনকলত ব্যস্ত আছিল।

অন্তত দেৱজ্যোতি হাজৰিকাই কৰে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য। দেৱজ্যোতিয়ে কয়, ‘‘গোটেই ষ্ট’ৰীটোৰ আমি এটা অংশহে, আগে-পিছে বহু কাহিনী আছে।’’ প্রশ্ন উঠিছে- জুবিন গাৰ্গৰ মৃত্যুৰ কি কাহিনীৰ ইংগিত দিলে এইজন অভিযুক্তই?

Leave a Reply

Your email address will not be published. Required fields are marked *