Share and Enjoy !

Shares

গুৱাহাটীৰ খানাপাৰাস্থিত ‘The Locals’ নামৰ নাইট ক্লাবত যুৱতীক অৰ্ধনগ্ন কৰি প্ৰহাৰ কৰাৰ অভিযোগত মেনেজাৰসহ ৮ অভিযুক্তক গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষীয়ে।ইতিমধ্যে গ্ৰেপ্তাৰ কৰি অভিযুক্তকেইগৰাকীক

ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। শুকুৰবাৰে আৰক্ষীৰ এটা দলে ‘দ্য লোকেলছ’ত উপস্থিত হৈ নিশাৰ সময়ৰ CCTV ফুটেজ সংগ্ৰহ কৰে। সেই ফুটেজৰ ভিত্তিতেই তদন্ত আগবঢ়াই আৰক্ষীয়ে ৭জনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোককেইজন বাৰখনৰ মেনেজাৰ জাষ্টিন ডি এৰেং, ইভেণ্ট মেনেজাৰ নেকিবুৰ জামান সৰকাৰ, ফ্ৰণ্ট অফিচ এক্সিকিউটিভ ঝুম্পা সিনহা, উষা দেৱী, মঞ্জু দাস, গৌৰৱ মহন্ত আৰু দিন’ চোনা।বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত ৭২৬/২৬ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ৮জনৰ ভিতৰত ৩গৰাকী মহিলা আৰু ৫জন পুৰুষ আছে। আটাইকেইজন অভিযুক্তক দেওবাৰে আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।

ভাস্কৰ মল্ল পাটোৱাৰীৰ ভাষ্য অনুসৰি, ঘটনাটোৰ বিষয়ে বাৰ কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰা নাছিল। ইয়াৰ উপৰি, বাৰখন নিৰ্ধাৰিত সময়তকৈ বহু পলমলৈ খোলা ৰখা হৈছিল। নিশা দুপৰলৈ বাৰখন কিয় খোলা আছিল, সেই বিষয়টোও আৰক্ষীৰ তদন্তৰ আওতাত আছে। ইফালে, ঘটনাৰ সৈতে জড়িত যুৱতীগৰাকীৰ পৰিচয় আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰক্ষীৰ মতে, বৰ্তমান যুৱতীগৰাকী সংকটমুক্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *