Share and Enjoy !

Shares

কামৰূপৰ ডোৱক আৰক্ষীৰ বৃহৎ সফলতা।

২৪ ঘন্টাৰ ভিতৰতে আটক মহাপ্ৰৱঞ্চক অপৰাধী মিন্টু কলিতাক।

সোণ দিয়াৰ প্ৰলোভনেৰে মহাপ্ৰৱঞ্চক মিন্টু কলিতা লুটিলে ৪,৩৪,০০০.০০টকা।

বৰপেটাৰ গহণা ব্যৱসায়ীৰ পৰা কৌশলৰে ধন লুটিছিলে কামৰূপৰ হাহাৰাৰ মিন্টুই।গ’ল্ড লোনৰ নামত বন্ধকত থোৱা সোণ বিক্ৰী কৰিম বুলি কামৰূপৰ সোনেশ্বৰলৈ মাতি আনিছিল বৰপেটাৰ গহণা ব্যৱসায়ী ইব্ৰাহিম আলী,ৰাজাৱ আলী,আৰু লতিফ আলীক।সোনেশ্বৰৰ SBI শাখাত RTGS প্ৰক্ৰিয়াৰ জৰিয়তে মিন্টুৰ বেংক একাউন্টত ব্যৱসায়ী কেইজনে ধন খিনি সোমাই দিয়াৰ পিছতে অন্তৰ্ধান হয় মিন্টু।

সোণ নিদিয়াকৈ ধন লৈ পলায়ন কৰে প্ৰৱঞ্চক মিন্টুই।উপায়ন্তৰ হৈ ব্যৱসায়ী কেইজনে ডোৱক আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।

এজাহাৰৰ ভিত্তিত ডোৱক আৰক্ষীয়ে চলোৱা অভিযানত নিজ বাসগৃহৰ পৰা আটক কৰে চাইবাৰ অপৰাধী মিন্টুক।সম্প্ৰতি জেল হাজোতলৈ প্ৰেৰণ কৰিছে চাইবাৰ অপৰাধী মিন্টুক।

Leave a Reply

Your email address will not be published. Required fields are marked *