Share and Enjoy !

Shares

শৰতৰ আগমনৰ লগে লগে আহি পালে শাৰদীয় দুৰ্গা পূজা ৷ শাৰদীয় দুৰ্গোৎসৱ বুলিলেই এতিয়া মণ্ডপসমূহত কাৰিকৰী কৌশলৰ চমক, বিভিন্ন ধৰণৰ আটকধুনীয়া আৰ্হি, মেলা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদিৰ প্ৰয়োভৰ দেখা যায়৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপত দেখা গৈছে ব্যাপক প্ৰস্তুতি৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বজালীত ১০৮ বছৰীয়া দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি।শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন।

পূজা সমিতিসমূহে ইতিমধ্যে পূজাৰ আয়োজনক লৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে।

পাঠশালা বজাৰ সমিতিৰ উদ্যোগত এইবাৰ ১০৮ বছৰত ভৰি দিয়া ঐতিহ্যমণ্ডিত দুৰ্গোৎসৱক লৈ গ্ৰহণ কৰা হৈছে ব্যাপক প্ৰস্তুতি।

সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই দুৰ্গোৎসৱক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ পূজা সমিতিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।

ইতিমধ্যে পূজাস্থলীত বিশাল অস্থায়ী মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলিছে।

পূজাৰ দিনকেইটাত ভক্ত আৰু দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি শৃংখলাবদ্ধ পৰিৱেশ, নিৰাপত্তা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে পূজা সমিতিয়ে।

দুৰ্গোৎসৱৰ অন্যতম আকৰ্ষণ হিচাপে এইবাৰো আয়োজন কৰা হ’ব থলুৱা হাট, বাণিজ্য মেলা আৰু মীনা বজাৰ।

ইয়াৰ জৰিয়তে পূজাৰ আনন্দৰ সমান্তৰালভাৱে স্থানীয় ব্যৱসায়ী আৰু উদ্যোগীসকলেও নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ সুযোগ লাভ কৰিব।

ঐতিহ্য আৰু আধুনিকতাৰ সমন্বয়ে ১০৮ বছৰীয়া এই দুৰ্গোৎসৱক সফল আৰু আকৰ্ষণীয় কৰি তুলিবলৈ ইতিমধ্যে পূজা সমিতিৰ বিষয়ববীয়াসকল পূৰ্ণোদ্যমে কামত নামি পৰিছে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *