দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু গ্ৰেপ্তাৰৰ দাবীত শিৱসাগৰত জিলা কংগ্ৰেছৰ সমদল।
শিৱসাগৰ ৰাজীৱ ভৱনৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈকে সমদল উলিয়াই জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তাল কৰে ৰাজপথ।
জিলা কংগ্ৰেছৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লেকাৰ্ড, বেনাৰলৈ জ্ঞানেশ কুমাৰক গ্ৰেপ্তাৰ কৰক, নিৰ্বাচন আয়োগ হায় হায়, বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে।
প্ৰতিবাদী সমদলৰ মাজতে দৌলমুখ চাৰিআলিত জ্ঞানেশ কুমাৰৰ প্ৰতিকৃতি দাহ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে কংগ্ৰেছে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই গণতন্ত্ৰ বৰ্তমান সংকটৰ গৰাহত পৰিবলৈ ধৰা বুলি অভিযোগ উত্থাপন কৰে।