বুধবাৰে পুৱাই হঠাৎ দিশপুৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে হতাভম্ভ হৈ পৰে।
সময় মতে কাৰ্যালয়ত উপস্থিত নাই কেইবাগৰাকী বিষয়া- কৰ্মচাৰী। খঙত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰীগৰাকীয়ে।
কাৰ্যালয়ত উপস্থিত থকা বাকীসকল কৰ্মচাৰীক মাতি আনি প্ৰশ্ন কৰিলে কোন কোন অহা নাই কাৰ্যালয়লৈ। কিয় অহা নাই তাৰো বিচাৰিলে উত্তৰ। কোন ছুটীত আছে, কোন এনেই অহা নাই সকলো বিৱৰণ বিচাৰিলে মন্ত্ৰী হাজৰিকাই।
পঞ্জীয়ন বহী উলিয়াই নাম মাতি মাতি মন্ত্ৰীগৰাকীয়ে ক’লে- জিতেন সিনহা ক’ত, জোনমণি পাটৰ ক’ত, চাৰু দাস ক’ত ? ছুটী আছে নেকি এই তিনিগৰাকী ? ছুটীত আছে যদি কথা নাই যদি এনেই অহা নাই তেন্তে ব্যৱস্থা লোৱা হ’ব।
তাৰোপৰি কাৰ্যালয়টোৰ প্ৰতিটো মহলাৰে খবৰ লয় মন্ত্ৰী হাজৰিকাই। লগতে মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়টোৰ বেচিন পৰ্যন্ত পৰ্যবেক্ষণ কৰি অসন্তুষ্টি প্ৰকাশ কৰে। তামোল- পাণ খাই কৰ্মচাৰীসকলে কিদৰে কদৰ্যময় কৰিছে অনাময় ব্যৱস্থা সেয়াও সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰে তেওঁ।