ছ’চিয়েল মিডিয়াত গোলাঘাট জিলাৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক (CRCC) সকলৰ পেছাগত মৰ্যাদা আৰু সামাজিক ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ অভিযোগত আজি গোলাঘাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।
ALL ASSAM CLUSTER RESOURCE CENTRE COORDINATOR COMMITTEE ৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা দাখিল কৰা এই এজাহাৰত (প্ৰসঙ্গ নং-১০/২০২৪) উল্লেখ কৰা মতে, Muktar Hussain নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা প্ৰকাশিত এটা পোষ্টত একাংশ শিক্ষকক পাঠদানৰ পৰা আঁতৰাই CRCC হিচাপে নিযুক্তি দিয়াৰ বিষয়টো উত্থাপন কৰি CRCC সকলৰ কৰ্তব্য আৰু দায়িত্ব সন্দৰ্ভত প্ৰশ্ন কৰা হৈছে। উক্ত পোষ্টটোত CRCC সকলে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা অহা বাৰ্তা প্ৰেৰণ কৰাৰ বাহিৰে আন একো কাম নকৰে বুলি মন্তব্য কৰা হৈছে।
লগতে উক্ত পোষ্টৰ তলত কৰা কেতবোৰ আপত্তিজনক মন্তব্যই সমিতিৰ সদস্যসকলৰ সামাজিক সন্মান ক্ষুণ্ণ কৰিছে বুলি অভিযোগ কৰিছে। এজাহাৰত উল্লেখ থকা আপত্তিজনক মন্তব্যসমূহ হ’ল
১. Ziaur Rahman ৰ “CRCC মানেই দালালিৰ লাইচেঞ্চ”
২. Jamal Uddin ৰ “Besi vagi Dalale kore”
৩. Ali Akbar Ahmed ৰ “Gharat bohi dharmahato lobopari”
৪. Moinul Hoque ৰ “Lecture mari ghure, level dekhai furi thke”
এই পোষ্ট আৰু মন্তব্যসমূহে তেওঁলোকৰ পেছাগত মৰ্যাদা ক্ষুণ্ণ কৰাৰ লগতে ৰাইজৰ মাজত ভুল বাৰ্তা প্ৰেৰণ কৰিছে বুলি দাবী কৰি দোষীৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অনুৰোধ জনাইছে।