অৱশেষত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি আগ’ষ্টিন ইংহিয়ে।
গুৱাহাটীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান নেতাগৰাকীৰ।
বিজেপি অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং তিচ্ছ, কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিজেপিত যোগদান কৰে আগ’ষ্টিন ইংহিয়ে।
ইফালে ইংহিৰ নেতৃত্বত দলটোৰ বহুসংখ্যক নেতা-কৰ্মীয়েও কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগতে CPI(ML) দলৰ তিনি গৰাকী নেতাও যোগদান কৰে বিজেপিত।
উল্লেখ্য যে, বৃহস্পতিবাৰে কংগ্ৰেছ দল ত্যাগ কৰিছিল আগ’ষ্টিন ইংহিয়ে।