Share and Enjoy !

Shares

CM ভিজিলেন্সৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃত্যুক লৈ এতিয়াও অব্যাহত আছে ৰহস্য!

বৃহস্পতিবাৰে বঙাইগাঁৱৰ জাহ্নৱী ৰিজেন্সী নামৰ হোটেলখনৰ ১০২ নম্বৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছিল DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ।

এই ঘটনাক লৈ আজি বঙাইগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাক সাক্ষাৎ কৰে বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে।

আৰক্ষী অধীক্ষকগৰাকীক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ দাবী জনায় ৰাভা ছাত্ৰ সন্থাই।

ইফালে, ৰাভা ছাত্ৰ সন্থাৰ এগৰাকী নেতায় প্ৰকাশ কৰা মতে, DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহটো প্ৰকৃততে অৰ্ধগলিত অৱস্থাত নাছিল। তেওঁৰ দাবী অনুসৰি, মৃতদেহটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধৰ কাৰণ আছিল মল-মূত্ৰ ত্যাগ আৰু বমি।

ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত কাৰণ কি, সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *