শ্ৰীভূমিত প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা বিহু দলৰ শিল্পীক আক্ৰমণ। ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি্ হৈছে
শ্ৰীভূমিৰ এই ঘটনাক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয় লিখিছে , ‘‘শ্ৰীভূমিত বিহু দলৰ ওপৰত হোৱা আক্ৰমণৰ খবৰ অত্যন্ত উদ্বেগজনক আৰু দুৰ্ভাগ্যজনক। বিহু হৈছে আমাৰ গৌৰৱ, অসমৰ আত্মা আৰু আমাৰ পৰিচয়। আমাৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি কৰা কোনো অপমান আমি কেতিয়াও সহ্য নকৰোঁ। মই @DGPAssamPolice ক দোষীসকলৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছোঁ।’’