Share and Enjoy !

Shares

চামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ।

বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ এটা জাকৰ।

চামগুৰিৰ বিভিন্ন অঞ্চলত বছৰটোৰ অধিকাংশ সময় উপদ্ৰৱ চলাই আহিছে বন্যহস্তীৰ জাকটোৱে।

আজি চামগুৰিৰ ভকত গাঁৱৰ মাজৰআটিত বন্যহস্তীৰ জাকটোৱে দিন দুপৰতে মুক্ত বিচৰণ কৰি আতংকৰ সৃষ্টি কৰে।

৮ জনীয়া বন্যহস্তীৰ জাকটোৱে বহু দিনৰ পৰা অঞ্চলটোত চলাই আহিছে উপদ্ৰৱ।

বন্যহস্তীৰ জাকটোৱে দিনৰ পোহৰত যদি চহা কৃষকসকলৰ সপোনৰ ধাননি খেতি ডৰা অনিষ্ট কৰিছে আনহাতে ৰাতিৰ আন্ধাৰত ঘৰ দুৱাৰ ভাঙি তহিলং কৰে।

গতিকে চামগুৰিৰ বহু কেইটা অঞ্চলৰ ৰাইজে নিজৰ ঘৰ দুৱাৰ আৰু খেতি ডৰা বচোৱাৰ স্বাৰ্থত এতিয়া কটাবলগীয়া হৈছে উজাগৰী নিশা।

হাতীকেইটা খেদি পঠিয়াত ব্যৰ্থ।হৈছে বন বিভাগ।

Leave a Reply

Your email address will not be published. Required fields are marked *